পালন কৰা তিথি সমূহ
শ্ৰী কৃষ্ণৰ জন্মাষ্টমী
ৰাস উৎসৱ
দৌল যাত্ৰা
শিৱ ৰাত্ৰি
শংকৰ উৎসৱ
শংকৰ-মাধৱ ৰ তিথি সমূহ
অশোকষ্টমী মেলা
ভাগৱত পাঠ ও আই সকলৰ নাম (ভাদ মাহত)
ভক্তৰ মনোবাঞ্চা পূৰণ
এসময়ত নাওৰে ব্যৱসায় কৰা মুদৈ সকলে মাধৱ থানৰ ঘাটতে নাও বান্ধি শ্ৰী শ্ৰী মাধৱ থানত ভোগ চৰাই সেৱা পূজা কৰিহে যাত্ৰা কৰি শুভফল লাভ কৰিছিল । আজিও মাধৱৰ চৰণত প্ৰাৰ্থনা কৰিলে বা ভোগ চৰালে সন্তান নোহোৱাকৈ থকা স্বামী-স্ত্ৰীৰ সন্তান হয়, বেমাৰী মানুহৰ বেমাৰ ভাল হয়, ছাত্ৰ-ছাত্ৰীৰ ফলাফল ভাল হয়, মেল-মকৰ্দ্দমাত জয়লাভ কৰে, বিবাহ নোহোৱাকৈ থকা ডেকা-গাভৰুৰ বিবাহ হয়, বেপাৰ বাণিজ্যত লাভ তথা চাকৰি-বাকৰি আদিত সফল হয় বুলি হিন্দু ধৰ্মাৱলম্বী লোকে যুগ যুগ ধৰি বিশ্বাস কৰি আহিছে । বঙালী, কাৰ্বি, কছাৰী, তিৱা, চাহ-জনজাতি আদি সকলো জনগোষ্ঠীৰ লোকেই ইয়ালৈ আহে । স্থানীয় মুছলমান সম্প্ৰদায় লোককো প্ৰায় থানত দেখা পোৱা যায় ।
মন্দিৰৰ মাটি
১. গৰু বাট মৌজাৰ মাধৱ পাৰা কিচামত ১৫১নং দাগৰ ১বিঘা ১কঠা ১৭লোচা,
২. গৰু বাট মৌজাৰ জুৰিপাৰ কিচামত ৩নং দাগৰ ৬বিঘা ১কঠা ১০লোচা
৩. গৰু বাট মৌজাৰ জুৰিপাৰ কিচামত ৭৮৭নং দাগৰ ১৩বিঘা মাটি শ্ৰী শ্ৰী মাধৱ
থানৰ নামত নথিভুক্ত আছে