জনশ্ৰুতি সমূহ


মাধৱ পাৰা পাহাৰৰ নিচেই কাষতে বাস কৰা ১২০ বছৰীয়া মৃত ফেঁচী বুঢ়িয়ে কৈছিল - "থানৰ কাষৰ অটব্য হাবিৰ মাজৰ পৰা তাতঁবোৱা শব্দ, তালখোলৰ শব্দ, ডবা বজাৰ শব্দ কেতিয়াবা কেতিয়াবা ৰাতি ভাঁহি আহাৰ শব্দ শুনিবলৈ পাইছিল ।"

গনেশ ডুবিৰ ওচৰত বসবাস কৰিবলৈ লোৱা আৰু ইতিমধ্য মৃত্যু বৰন কৰা এজন মুছলমান বৃদ্ধাই গনেশ ডুবিৰ পানীত কেতিয়াবা কেতিয়াবা ভাঁহি উঠা নাওঁ, কাহ-পিতলৰ বাছন-বৰ্ত্তন আদি দেখিবলৈ পাইছিল বুলি কৈ গৈছে । পানীত ভাঁহি উঠা এটা লোটা হেনু তেওঁ কেইবা দিনো উঠাই আনিবলৈ যত্ন কৰি ব্যৰ্থ হৈছিল । মানুহৰ উপস্থিতিৰ উমান পালে লোটাটো পুনৰ পানীত অদৃশ্ব্য হৈ গৈছিল ।

 মাধৱ থানৰ ওচৰতে বসবাস কৰা মৃত ফেদেলা বুঢ়া (ফনিধৰ বৰা) ই কৈছিল - "পূৰ্ব উল্লেখিত, বৰ্তমান মাধৱৰ পদশীলা স্থাপন কৰি ৰখা গভিৰ দ সোৰঙ্গটোৰ ভিতৰত সাপ এজোৰ আছিল । সেই অজ্ঞাত সন্যাসী জনে এডাল বেতেৰে সাপযোৰক পালন কৰিছিল । সেই বেত ডাল দেখুৱাই দিলেই সাপযোৰ সুৰঙ্গটো ভিতৰলৈ সোমাই যায় । "