মাধৱ পাহাৰৰ ওপৰ ভাগত বিষ্ণু থান অবস্থিত । পাহাৰৰ ওপৰৰ গৰ্ভ ভাগত থকা হাবিৰ মাজৰ আশ্ৰম খনলৈ উঠা দোৱাৰ মুখতে শিলৰ চৌ-কাঠৰ চিন এতিয়াও আছে । আশ্ৰম খন বিষ্ণু বাবা নাম এজন সন্যাসীয়ে ওপৰলৈ ক্ৰন্মানৰে উঠি যোৱা এটা প্ৰকাণ্ড শিলৰ তলত বিষ্ণু মূৰ্তি প্ৰতিস্থা কৰি নিজেও এটা শিলৰ গুহাৰ তলত থাকি পূজা-অৰ্চন্না কৰি আছিল । এই দৰে ৮/১০ বছৰ মান আশ্ৰম চলোৱাৰ পিছত তেওঁ দেহত্যাগ কৰে । ইয়াৰ পিছত হাবিৰ মাজত আশ্ৰম চলোৱা লোকৰ অভাৱত থান খন পৰিতক্ত্য হৈ আছে । বৰ্তমান মাধৱ থানৰ কাষতে যিটো বিষ্ণু মূৰ্তি আছে, সেই মূৰ্তিটো কামপুৰ ঘিলানি গাওঁৰ এঘৰ মুছলমান লোকৰ বাৰীৰ হাফলো খান্দুতে ওলাইছিল । স্নপ্না-দেশ হোৱাত ওচৰৰ মানুহৰ সহযোগত আজিৰ পৰা প্ৰায় ৫০ বছৰ আগতেই সেই মূৰ্তিটো মাধৱ পাহাৰত স্থাপন কৰি সাতঁ(৭) দিন যোৰা উৎসৱ পাতিছিল ।