প্ৰমীলা ৰাজ্য –

দ্বাপৰ যুগৰ মহাভাৰতৰ প্ৰমীলা ৰাজ্যই যে বৰ্ত্তমানৰ প্ৰমীলা অঞ্চল, এই কথা ইতিমধ্যে আলোচনা কৰি আহিছো । প্ৰমীলা তিৰি ৰাজ্য আছিল । তেওঁৰ চাৰি হাজাৰ পদ্মিনি নাৰী সহচৰী আছিল । পাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ ঘোঁৰা প্ৰমীলা ৰাজ্যৰ ৰুপহী ৰাণীপ্ৰমীলাৰ হাততে বন্দি হয়হি । সেই সময়ত তিৰী ৰাজ্য প্ৰমিলা – ‘প্ৰমিলানামৰ সুন্দৰী যুৱতী এগৰাকীয়ে শাসন কৰিছিল ।
মহাভাৰতত উল্লেখ থকা মতে প্ৰমীলা ৰাজ্যত ১২ বছৰৰ অধিক কাল কোনো পুৰুষ জীয়াই নেথাকিছিল । অশ্বমেধ যজ্ঞ-পৰ্বত উল্লেখিত মতে যজ্ঞৰ ঘোঁৰা আহি প্ৰমীলা ৰাজ্যত সোমোৱাত ৰাণী প্ৰমীলাৰ সৈন্যই যজ্ঞৰ ঘোঁৰা বন্দী কৰে । ফলত অৰ্জুনৰ লগত ৰাণী প্ৰমিলাৰ যুদ্ধ হয় । যুদ্ধত অৰ্জুন হাৰে । পিছত মাধৱে মধ্যস্হতা কৰি প্ৰমীলা-অৰ্জুনৰ মিলন ঘটাই যজ্ঞৰ ঘোঁৰা মুক্ত কৰেহি । যুদ্ধত হাৰি অজুৰ্নে প্ৰমীলা ৰাণীক বিয়া কৰাবলৈ প্ৰতিশ্ৰুতি বদ্ধ হৈ প্ৰমীলা ৰাণীক পূৰ্ব পৰিচয় বিচৰাত অৰ্জুনৰ আগত ৰাণীয়ে কৈছিল ------
দিলীপ নামেৰে ৰজা সৰ্বভূমিৰ পতি ।
শুণহ অৰ্জুন আমি তাহাৰ সন্ততি ।।
(মহাভাৰত, পৃঃ ৯৮১)
শাস্ত্ৰত উল্লেখিত মতে গৌৰীৰ সাপত দিলিপ ৰজা সসৈন্যে নাৰিলৈ ৰুপান্তৰ ঘটে । তাৰ বৰ্ণনা মহাভাৰতত এনেদৰে আছে ----
পাৰ্ৱতি সহিতে শিৱেছিলেন এবেন ।
বিহাৰ কাৰনে দোঁহে আনন্দিত মনে ।।
হেন কালে পিতাই যে দেখিলেন গৌৰী ।
কূপতে দিলেন শাপ লজ্জা মনে ধৰি ।।
সসৈন্যে যুৱতি হওঁ আমাৰ বচনে ।
বণিতা হইয়া সবে থাক এই বনে ।।
(মহাভাৰত, পৃঃ ৯৮২)
এই প্ৰমীলা ৰাজ্যৰ পূৰ্ব ফালে ভগৱান শ্ৰীকৃষ্ণ (মাধৱ) আহি যি ঠাইত জিৰণী লৈ প্ৰমীলা-অৰ্জুনৰ বিবাদ মিমাংশা কৰি মিলন ঘটাইছিল পৰৱৰ্তী কালত তাতেই মাধৱ থান আৰু বিষ্ণু থান গঢ়ি উঠে । এয়াই বৰ্তমানৰ মাধৱ থান ।