পৰিচালনা সমিতি

পৰিচালনা সমিতি পঞ্জীয়ণ

পৰিচালনা সমিতি পঞ্জীয়ণ:- শ্ৰী শ্ৰী মাধৱ থান পৰিচালনা সমিতি খন ইং ১৯৯০ চনতে চৰকাৰী পঞ্জীয়ণ ভুক্ত কৰা হয় । ইয়াৰ  পঞ্জীয়ণ নং No 954 of 1990-91 আৰু নামকৰণ হৈছে - "শ্ৰী শ্ৰী মাধৱ থান, বিষ্ণু থান ও গনেশ থান সমিতি" ডাক ঘৰ- কছুৱা, জিলা - নগাঁও (অসম) । Act XXI of 1860  


 পৰিচালনা সমিতি গঠন

ভোলা বাবা নামে জনাজাত এই বিহাৰী সন্যাসী জনৰ দিনৰ পৰাই অৰ্থাৎ ইংৰাজী ১৯২৭ চনৰ পৰাই থানলৈ দূৰদুৰনীৰ ধৰ্মপ্ৰাণ লোকৰ সমাগম ঘটে । তেতিয়া কামপুৰ, কুৱৰিআটী, পাৰলিগুৰি, নাৰিকলি, পটিয়াপাম, ভকতগাওঁ, চাংচকী, চৰাইহাগী গাঁৱৰ মানুহ আহি মাধৱ পাহাৰৰ দাঁতিত পমোৱা ঘৰ বাৰী সাজি বসবাস কৰিবলৈ লয় । থানত তীৰ্থ যাত্ৰীৰ সমাগম বেছি হোৱাত আৰু পূজা-সেৱা স্থলী বৰপানী নৈৰ গৰাখহনীয়াৰ কৱলত পৰাত ওচৰতে বাস কৰা চকীদাৰ বঢ়া নৰকান্ত, ফেদেলা, কমল চৌধুৰী, যোগেন, কুশৰাম, গজিন. খুমন, ভীম, দেৱ, কৈলাশ, হোৱাং, গহিন, মধুসিং, হগলা, সৰুকণ, লোকনাথ, হৰিমন, কনক, মতিৰাম আদি আটায়ে মিলিত হৈ ১৯৩৪ চনত প্ৰথম খন থান পৰিচালনা সমিতি গঠন কৰে । প্ৰথম খন থান পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বত আছিল কনক ডাক্তৰ আৰু মতিৰাম বৰা । আৰু পূজাৰীৰ দায়িত্বত ভোলা বাবা । ভোলা বাবাৰ মৃত্যুৰ পিছত হগলা বুঢ়াক পূজাৰীৰ দায়িত্বত দিয়ে । 

এই সমিতি খনে উপৰত উল্লেখ কৰা অজ্ঞাত সন্যাসী জনে বসবাস কৰা গভীৰ দ শিলৰ সুৰঙ্গটোৰ সন্মুখতে মাধৱৰ পদ-শিলা স্থাপন কৰি পূজা-অচ্ছৰ্না চলাই আৰু এটি কাঠ-বাঁহৰ সৰু নামঘৰ এটিও সাজি উলিয়াই তাত নাম প্ৰসংগ আৰু ভাওনা কৰা হয় । প্ৰতিদিনেই সেৱা পূজা অব্যাহতি ৰাখে । আৰু এই সমিতিৰ কাৰ্যকাল আছিল ১০(দহ) বছৰ । 

ইয়াৰ পিছত ১৯৪৪ চনত ফেদেলা বৰা সভাপতি আৰু যজ্ঞো লস্কৰ সম্পাদক হিচাপে দ্বিতীয় খন পৰিচালনা সমিতি গঠন হয় । আৰু পূজাৰীৰ দায়িত্বত আছিল নলবৰীয়া বঢ়া । এই সমিতিৰ কাৰ্যকাল আছিল ৩(তিনি) বছৰ ।

এই সমিতিয়ে ভাগৱত প্ৰতিষ্ঠা কৰি আছুতীয়াকৈ এটি সৰু মণিকূট বনোৱাৰ সিদ্ধান্ত গঠন কৰে । 

ইয়াৰ পিছত ১৯৪৭ চনত তৃতীয় খন পৰিচালনা সমিতি গঠন হয় । সভাপতি ফেদেলা বৰা আৰু সম্পাদক গহীন লস্কৰ । পূজাৰীৰ দায়িত্বত আছিল লক্ষণ বাবা । 

এই সমিতিয়ে ১৯৫৯ চনত পকা সৰু মণিকূট আৰু তাৰ লগতে কাঠৰ খুঁটাৰে সৰু কৈ নামঘৰ এটিও সাজি উলিয়াই । 

ইয়াৰ পিছত বংসধৰ মেধি সভাপতি আৰু গহীন লস্কৰ সম্পাদক হৈ চতুৰ্থ খন সমিতি ১৯৫৯ চনৰ শেষ ভাগত গঠন হয় । পূজাৰীৰ দায়িত্বত থাকে ভীম বুৰা ।

এই সমিতিয়ে পকা খুঁটাৰ বৰ্তমান থকা নামঘৰটো সাজি উলিয়াই আৰু বৰপানী নৈৰ ৰাষ্টাৰ কাষেৰে এখন পকা উৱাল সাজি উলিয়াই । 

ইয়াৰ পাছত পঞ্চমখন সমিতি ১৯৭১ চনত গঠন হয় । সভাপতি বংশধৰ মেধি আৰু সম্পাদক মহানন্দ দাস বৈষ্ণৱ । এই সমিতিয়ে ৮(আঠ) বছৰ কাৰ্যভাৰ গ্ৰহণ কৰে । পূজাৰীৰ দায়িত্বত ক্ৰমে লক্ষণ বাব আৰু হৰিমণ মেধি । 

এই সমিতিয়ে পকাৰে থানৰ এটি আলহী ঘৰ আৰু কাঠৰ খুটায়েৰে এটি জিৰণি চালি সাজি উলিয়াই । ইয়াৰ উপৰিও ৩০তম(ত্ৰিশ) অসম সাধু সেৱক সন্মিলন বাৰ্ষিক অধিৱেশন তিনিদিনীয়া(ইং ১০, ১১ আৰু ১২ মাৰ্চ, ১৯৭৬) কাৰ্য্যসূচীৰে পতা হয় । 

ইয়াত নিদিষ্ট বক্তা হিচাপে উপস্থিত হয় শ্ৰী যুত ৰত্নকান্ত বৰা (সভাপতি , বিশ্ব হিন্দু পৰিষদ, নগাঁও শাখা), শ্ৰী শ্ৰী ৰাম চৰন দাসজী (সভাপতি, অসম সাধু সন্মিলন) । আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন সাধু সন্যাসী-যুগী সকল । অভ্যথনা সমিতিৰ সভাপতি গহীন লস্কৰ আৰু সম্পাদক মহানন্দ দাস বৈষ্ণৱ(শ্ৰী শ্ৰী মাধৱ থান পৰিচালনা সমিতিৰ সম্পাদক আৰু অসম সাধু সেৱক সন্মিলনৰ সম্পাদক) । 

ইয়াৰ পাছত ষষ্ঠ খন সমিতি গঠন হয় ১৯৭৯ চনত, লয় ৰাজখোৱা সভাপতি আৰু মহানন্দ দাস বৈষ্ণৱ সম্পাদক । এই সমিতিয়ে ২০ বছৰৰ কাৰ্যভাৰ গ্ৰহণ কৰে । আৰু পূজাৰীৰ দায়িত্বত থাকে ক্ৰমে সৰ্ব শ্ৰী লক্ষণ বাবা, কৈলাস সুত্ৰ, বপাই বৰা, শিশু বৰা, বকুলগুৰী বুঢ়া আৰু পেলন শইকীয়া ।

এই সমিতিয়ে কিছু মাটি শ্ৰী শ্ৰী মাধৱ থানৰ নামত আৱৰ্তন কৰে, পৰিচালনা সমিতি খনো পঞ্জীয়ণ ভুক্তি কৰায় । নামঘৰৰ পূব দিশত পাককৈ পুনৰ মণিকূট এডোখক বনাবলৈ প্ৰস্তুতি চলাই । 

ইয়াৰ পাছত ১৯৯৯ চনত শ্ৰী প্ৰবিত্ৰ বৰদলৈ সভাপতি আৰু শ্ৰী নিৰঞ্জণ শইকীয়া সম্পাদক হিচাপে লৈ সপ্তম খন পৰিচালনা সমিতি গঠন হয় । পূজাৰীৰ দায়িত্বত থাকে কৃষ্ণ ভকত ।

এই সমিতিৰ দিনত নামঘৰৰ ভেঁটী আৰু চোঁতাল খনত মাটি ভৰোৱা হয় । উত্তৰফালৰ বৰ নামঘৰৰ আধৰুৱা বাৰাণ্ডাখন সম্পূৰ্ণ কৰা হয় আৰু ধনী ঘৰটো পকা খুঁটাৰে উন্নত কৰে  

ইয়াৰ পিছত অষ্টম খন সমিতি গঠন হয় ২০০২ চনত । সভাপতি প্ৰবিত্ৰ বৰদলৈ আৰু সম্পাদক নিৰঞ্জণ শইকীয়াক পুনৰ বাৰৰ বাবে দায়িত্ব দি তিনি বছৰলৈ বাহাল ৰাখে । পূজাৰীৰ দায়িত্বত ডম্বৰো বৰা । 

এই কাৰ্য্য কালত আলহী ঘৰটো মেৰামতি, খানৰ ঘাটতো পকা কৰা, থানৰ ওচৰৰ বৰপানী নৈৰ গৰাখহনীয়া ৰোধৰ চেষ্টা কৰা হয় ।

ইয়াৰ পিছত ২০০৫ চনত এখন তদাৰ্থ্য সমিতি গঠন হয় । যাদৱ বৰা সভাপতি আৰু নিৰঞ্জণ শইকীয়াক সম্পাদকৰ দায়িত্ব দিয়ে । এই সমিতিৰ কাৰ্য্য কাল আছিল ১(এক) বছৰ । 

ইয়াৰ পাছত ২০০৬ চনত নৱম খন সমিতি গঠন হয় । সভাপতি বিৰেণ চন্দ্ৰ বৰা আৰু সম্পাদক পদ্ম বৰদলৈ আৰু পূজাৰীৰ দায়িত্বত থাকে মামূল ভুঞা । এই সমিতিয়ে ৫ বছৰৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে । 

এই সমিতিৰ দিনত সংসদ ৰাজেন গোঁহাই দেৱে আগবঢ়োৱা ৫০,০০০(পঞ্চাশ হাজাৰ) টকাৰে আলহী ঘৰটোৰ মেৰামতি, ৰান্ধনী চালি এখন নিৰ্মাণ কৰা হয় । এই সমিতিৰ দিনতেই PMGSY ৰাস্তা নিৰ্মাণ কৰিবলৈ লৈ শ্ৰী শ্ৰী মাধৱ থানৰ পকা ৱাল খন পিছত বনাই দিম বুলি ভাঙি পেলাই কিন্তু আজি পৰ্য্যন্ত বনাই দিয়া নাই ।

ইয়াৰ পাছত ২০১১ চনত নৱম খন সমিতি গঠন হয় । সভাপতি বিৰেণ চন্দ্ৰ বৰা আৰু সম্পাদক নিৰঞ্জণ শইকীয়া আৰু পূজাৰীৰ দায়িত্বত থাকে মামূল ভুঞা । এই সমিতিয়ে ৩ বছৰৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে ।

ইয়াৰ পিছত বৰ্তমান একাদশ খন সমিতিৰ কাৰ্য্য কাল চলি আছে । সভাপতি শ্ৰীযুত যাদব বৰা আৰু যুটীয়া সম্পাদক শ্ৰীযুত নিৰঞ্জণ শইকীয়া আৰু শ্ৰী নীল বৰা । পূজাৰীৰ দায়িত্বত মামূল ভুঞা । এই সমিতি খন ২০১৪ চনৰ ৪-৬-২০১৪ তৰিখে গঠন হয় । 

ইয়াৰ উপৰিও শ্ৰী শ্ৰী মাধৱ থানৰ এখন উৎসৱ সমিতি আছে । বিভিন্ন উৎসৱ পৰ্ববোৰ উৎসৱ সমিতিৰ জৰিয়তে পালন কৰি অহা হৈছে । বৰ্তমান উৎসৱ সমিতিৰ সভাপতি শ্ৰী নীল বৰা আৰু সম্পাদক শ্ৰী লীলা শইকীয়া ।

এই দুই খন সমিতিৰ লগত ওতঃ পুতঃ ভাৱে জড়িত হৈ আহিছে মাধৱ পাৰা, প্ৰমিলা, মাখন গাওঁ, তামুলবাৰী, চিতলমাৰী, বিৰিঙা আটী, লংজাপ, ৰজা-আলি আৰু শিঙিমাৰী, কামপুৰ আদি গাঁওৰ সমূহ ৰাইজ ।


শ্ৰীশ্ৰী মাধৱ থানৰ কেন্দ্ৰীয় পৰিচালনা সমিতিৰ বিষয়ববীয়া



             শ্ৰী যাদৱ বৰা
               সভাপতি

            শ্ৰী পদ্ম বৰদলৈ
            শ্ৰী উৎপল বৰা
           যুটীয়া উপ-সভাপতি

 
            শ্ৰী নিৰঞ্জন শইকীয়া 
        (যোগাযোগঃ ৯৪৩৫৯৩১৬৬৬)
             শ্ৰী লীলা শইকীয়া
          যুটীয়া সাধাৰণ সম্পাদক

             শ্ৰী কুশল বৰা
              সহ-সম্পাদক


           সদস্য
            শ্ৰী চন্দন হাজৰীকা 

(সৰ্বমুঠ সদস্য সংখ্যা ১১১ জন, দুৰ্ভাগ্যঃবশত সকলোৰে নাম উল্লেখ কৰিব পৰা নগল)


হিচাপ পৰীক্ষকঃ                   শ্ৰী পবিত্ৰ বৰদলৈ
                                               শ্ৰী বকুল শৰ্মা


পাহাৰৰ উপৰৰ বিষ্ণু মন্দিৰ নিৰ্মাণ সমিতিঃ

সভাপতিঃ            শ্ৰী সুধাময় দাস
যুটীয়া উপ-সভাপতিঃ    শ্ৰী জ্যোতি প্ৰসাদ গোস্বামী
                 শ্ৰী বকুল শৰ্মা
সম্পাদকঃ            শ্ৰী চন্দন হাজৰীকা
সহ-সম্পাদকঃ         শ্ৰী যতিন শইকীয়া
সদস্যঃ              শ্ৰী যাদৱ বৰা
শ্ৰী নিৰঞ্জন শইকীয়া
শ্ৰী লীলা শইকীয়া
শ্ৰী তৰুণ বৰা
শ্ৰী আনন্দ ডেকা
শ্ৰী জিতু হাজৰীকা
শ্ৰী ভাৰত বৰা
শ্ৰী তাপছ্ দেৱনাথ

থানৰ উৎসৱ সমিতিঃ

সভাপতিঃ            শ্ৰী নীল কান্ত বৰা
উপ-সভাপতিঃ         শ্ৰী মহেশ্বৰ বৰা
সম্পাদকঃ            শ্ৰী লীলা শইকীয়া
সহ-সম্পাদকঃ         শ্ৰী সুৰেণ বৰা
সদস্যঃ              শ্ৰী মাধৱ বৰা
শ্ৰী শংকৰ পাঠক
শ্ৰী মানিক ডেকা