শুভেচ্ছা বাৰ্তা সমূহ

মই শ্ৰী দিব্যজ্যোতি শৰ্মা, শিঙৰি (ঢ়েকীয়াজুলি)ৰ পৰা আহিছো । বহু দিনৰ পৰাই মই শ্ৰী শ্ৰী মাধৱ থান তথা উক্ত ঠাই খন পাহাৰ ও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বিষয়ে শুনি আছিলো । আজি ইংৰাজী ১-১-২০১২ তাৰিখে মোৰ জন্মদিন উপলক্ষে কামপুৰ গাওঁৰ মোৰ খুৰা শ্ৰী সুনাই লস্কৰৰ সপৰিবাৰে থানত দৰ্শন কৰি নথৈ আনন্দিত হলো । যদি সময় সুবিধা মিলাব পাৰো তেন্তে আকৌ আহিম ।
শ্ৰী দিব্যজ্যোতি শৰ্মা 
ঢ়েকীয়াজুলি, শোণিতপুৰ

আজি শ্ৰী শ্ৰী মাধৱ থানৰ সমূহ ৰাইজৰ লগত আলাপ-আলোচনা কৰি কিতাৰ্থ মানিলো । এই থানৰ ঐতিহ্য আৰু কিংবদন্তি বহন কৰি অহা কথাই আমাক সন্তোস দিলে । সকলো ৰুপে সেৱা আগবঢ়োৱাৰ কামনা কৰিলো ।
ইতি
শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামী, সত্ৰাধিকাৰ
শ্ৰী শ্ৰী উত্তৰ কমলা বাৰী সত্ৰ মাজুলি 
তাং:১৪-০৩-২০১২


আজি ইং ১০-৬-২০১২ তাৰিখে অসম বিধান সভাৰ ৮২নং বিধান সভা সমষ্টিৰ বিধায়ক মহোদয়ৰ উপস্থিতিত মাধৱ থান দৰ্শন কৰি পৰম কৃতাৰ্থ হৈছো ।
শ্ৰী ইন্দ্ৰমোহন দাস
সদস্য, আঞ্চলিক পঞ্চায়ত কঠিয়াতলি



আজি ইংৰাজী ১১-৬-২০১২ তাৰিখে বহুদিনৰ পৰা ভাবি থকা এই মাধৱ থানৰ দৰ্শন লভিলো । মই মন্দিৰৰ উন্নয়নৰ বাবেও এটি সামান্য অৰ্থ বৰঙনি হিচাবে আগবঢ়ালো । 
"জয় গুৰু মাধৱ"
আপোনাৰ সেৱক
হেমেন হাজৰিকা
কাৰ্বি লাংপি (বৰপানী) জলবিদ্যুৎ প্ৰকল্পৰ মহা প্ৰবন্ধক




























































*(ইয়াত উল্লেখ কৰা সকলো মন্তব্য তেওঁলোকৰ নিজা । উপৰুক্ত মন্তব্য সমূহ মন্দিৰত থকা "বিশিষ্ট ব্যক্তিৰ অভিমত" নামৰ বহীৰ পৰা উল্লেখ কৰা হৈছে । সকলো মন্তব্য উল্লেখ কৰা অসম্ভৱ বাবেই কিছু মন্তব্যহে আমি ইয়াত উল্লেখ কৰিছো । বাকী সকলে  যেন দায়দুস নধৰে ।)