অৱস্থিতি—

অসমৰ নগাঁও জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে মাধৱপাৰা পাহাৰ অবস্থিত । কামপুৰ-বৈঠালাংছু সংযোগী গড়কাপ্তানী পথৰ কাষতে এই মাধৱ পাহাৰ আৰু এই পাহাৰৰ দাঁতিতে শ্ৰী শ্ৰী মাধৱ থান । কাষেৰেই বৈ যোৱা চেনা বা বৰপানী নদীয়ে মাধৱৰ চৰণ বিধৌত কৰি ৰাখিছে । অতিতত বৰপানী নৈৰ জলপথেই আছিল পাহাৰ ভৈয়ামৰ অন্যতম সংযোগী পথ । মানুহে নাৱেৰে অহায়োৱা কৰাৰ ওপৰিও বেহা-বেপাৰ কৰিছিল কাৰ্বি সকলে এই নৈক লাংপী বুলিছিল ।

ঐতিহাসিক বিচাৰ –

ক) সুবোধ চন্দ্ৰ মজুমদাৰ সম্পাদিত কাশীদাশী মহাভাৰতত প্ৰমীলা ৰাজ্যৰ উল্লেখ আছে (পৃঃ ৯৮১) । এই প্ৰমীলা ৰাজ্যই বৰ্তমানৰ মাধৱ পাৰাৰ সমীপৱৰ্তীপ্ৰমীলাঅঞ্চল বুলি কিংবদন্তী আছে । ভগৱান মাধৱ (শ্ৰী কৃষ্ণ) আৰু অৰ্জুনে জিৰনি লোৱা ঠাই খিনিতেই পৰবৰ্তী কালত মাধৱ (শ্ৰী কৃষ্ণ) থান গঢ়ি উঠিল বুলি জনশ্ৰুতি আছে ।
খ) বৰ্তমানৰ কামপুৰ অঞ্চলৰ বুটিকোৰা বোন্দুৰা গাওঁত ত্ৰয়োদশ শতিকা মানত ৰাজত্ব কৰা বৰাহ বিষ্ণুৰ সেৱক মহামানিক্য দেৱ ৰজাই উওৰ পূব ভাৰতৰ সংযোগী থলোৱা অসমীয়া ভাষাত বাল্মিকীৰ সংস্কৃত ৰামায়নখন মাধৱ কন্দলীৰ দ্বাৰা অনুবাদ কৰাইছিল । এই মাধৱ পাহাৰৰ নামনিত আশ্ৰম পাতি ৰামায়নৰ অনুবাদ কৰিছিল বুলিও জনশ্ৰুতি আছে ।
গ) আন এক কিংৱদন্তী মতে সত্য যোগত অগস্ত্য মুণিয়ে দক্ষিণা পথত আৰু সম-সাময়িকবিদেঘ্ মাধৱেপূৱ ফালে হিন্দুধৰ্ম প্ৰচাৰ কৰিছিল । বিদেঘ্ মাধৱে আহি পূৱদেশৰ চেনা বা বৰপানী নদীৰ পাৰত যিটো পাহাৰত আশ্ৰম পাতি আৰ্য্যধৰ্ম প্ৰসাৰত মনোনিবেশ কৰিছিল সেই ঠায়েই পিছলৈ মাধৱ পাৰা নামে জনাজাত হয় ।

প্ৰমীলা ৰাজ্য –

দ্বাপৰ যুগৰ মহাভাৰতৰ প্ৰমীলা ৰাজ্যই যে বৰ্ত্তমানৰ প্ৰমীলা অঞ্চল, এই কথা ইতিমধ্যে আলোচনা কৰি আহিছো । প্ৰমীলা তিৰি ৰাজ্য আছিল । তেওঁৰ চাৰি হাজাৰ পদ্মিনি নাৰী সহচৰী আছিল । পাণ্ডৱৰ ৰাজসূয় যজ্ঞৰ ঘোঁৰা প্ৰমীলা ৰাজ্যৰ ৰুপহী ৰাণীপ্ৰমীলাৰ হাততে বন্দি হয়হি । সেই সময়ত তিৰী ৰাজ্য প্ৰমিলা – ‘প্ৰমিলানামৰ সুন্দৰী যুৱতী এগৰাকীয়ে শাসন কৰিছিল ।
মহাভাৰতত উল্লেখ থকা মতে প্ৰমীলা ৰাজ্যত ১২ বছৰৰ অধিক কাল কোনো পুৰুষ জীয়াই নেথাকিছিল । অশ্বমেধ যজ্ঞ-পৰ্বত উল্লেখিত মতে যজ্ঞৰ ঘোঁৰা আহি প্ৰমীলা ৰাজ্যত সোমোৱাত ৰাণী প্ৰমীলাৰ সৈন্যই যজ্ঞৰ ঘোঁৰা বন্দী কৰে । ফলত অৰ্জুনৰ লগত ৰাণী প্ৰমিলাৰ যুদ্ধ হয় । যুদ্ধত অৰ্জুন হাৰে । পিছত মাধৱে মধ্যস্হতা কৰি প্ৰমীলা-অৰ্জুনৰ মিলন ঘটাই যজ্ঞৰ ঘোঁৰা মুক্ত কৰেহি । যুদ্ধত হাৰি অজুৰ্নে প্ৰমীলা ৰাণীক বিয়া কৰাবলৈ প্ৰতিশ্ৰুতি বদ্ধ হৈ প্ৰমীলা ৰাণীক পূৰ্ব পৰিচয় বিচৰাত অৰ্জুনৰ আগত ৰাণীয়ে কৈছিল ------
দিলীপ নামেৰে ৰজা সৰ্বভূমিৰ পতি ।
শুণহ অৰ্জুন আমি তাহাৰ সন্ততি ।।
(মহাভাৰত, পৃঃ ৯৮১)
শাস্ত্ৰত উল্লেখিত মতে গৌৰীৰ সাপত দিলিপ ৰজা সসৈন্যে নাৰিলৈ ৰুপান্তৰ ঘটে । তাৰ বৰ্ণনা মহাভাৰতত এনেদৰে আছে ----
পাৰ্ৱতি সহিতে শিৱেছিলেন এবেন ।
বিহাৰ কাৰনে দোঁহে আনন্দিত মনে ।।
হেন কালে পিতাই যে দেখিলেন গৌৰী ।
কূপতে দিলেন শাপ লজ্জা মনে ধৰি ।।
সসৈন্যে যুৱতি হওঁ আমাৰ বচনে ।
বণিতা হইয়া সবে থাক এই বনে ।।
(মহাভাৰত, পৃঃ ৯৮২)
এই প্ৰমীলা ৰাজ্যৰ পূৰ্ব ফালে ভগৱান শ্ৰীকৃষ্ণ (মাধৱ) আহি যি ঠাইত জিৰণী লৈ প্ৰমীলা-অৰ্জুনৰ বিবাদ মিমাংশা কৰি মিলন ঘটাইছিল পৰৱৰ্তী কালত তাতেই মাধৱ থান আৰু বিষ্ণু থান গঢ়ি উঠে । এয়াই বৰ্তমানৰ মাধৱ থান ।

বিদেঘ্ মাধৱ –

সত্যযুগত অগষ্ঠ্য মুণিয়ে দক্ষিণা পথত আৰু সম-সাময়িক বিদেঘ মাধৱে পূৱ ফালে হিন্দুধৰ্ম প্ৰচাৰ কৰাৰ কথা ইতিমধ্যে আলেচনা কৰি আহিছো । এওঁ আহি বৰপানী নৈৰ পাৰৰ যিটো পাহাৰত আশ্ৰম পাতি আৰ্য্য ধৰ্ম প্ৰসাৰত মনোনিবেশ কৰিছিল, সেই ঠায়ে মাধৱ পাৰা, পাহাৰটো মাধৱপাৰা পাহাৰ আৰু আশ্ৰম খন মাধৱ থান নামে জনাজাত হয় ।
মাধৱপাহাৰৰ শিলত বহিয়ে এই ঋষি-মুণি সকলে যোগধ্যান আৰু যজ্ঞাদি কাৰ্য্য কৰিছিল । কোনো কোনো ঠাইত য্জ্ঞকুণ্ডও পৰিলক্ষিত হয় । মাধৱ থান খন মূলতঃ চাৰিখন থানৰ সমষ্টি --
১) মাধৱ থান
২) বিষ্ণু থান
৩) গণেশ থান আৰু
৪) শিৱ থান ।

শ্ৰী শ্ৰী মাধৱ থান –

বৰপানী নৈৰ দাঁতিতে মাধৱ পাহাৰৰ গাতে শ্ৰী শ্ৰী মাধৱ থান অৱস্থিত । ইয়াত নামঘৰ আকৃতিৰ এটা ডাঙৰ শিল আছে । তাৰ গাতে এটা গুহা আছে । এই গুঁহাৰ দোৱাৰ কলিযোগ আৰম্ভ হোৱাৰৰ লগে লগে বন্ধ হৈ গৈছে বুলি জনশ্ৰূতি আছে ।মাধৱৰ পদশিলা স্থাপন কৰি বৰ্তমান এই গুহাৰ মুখতেই এটা সৰু মন্দিৰ সাজি পূজা-অৰ্চ্ছনা কৰি থকা হৈছে । পূৰ্ৱে এই গুহাটো যথেস্ট দিঘল আৰু দ আছিল । এই গুহাতেই মাধৱৰ কিছু সোণ-ৰূপৰ অলংকাৰ, সাজপাৰ আদি বয় বষ্টু আছিল বুলি মানুহে কয় । প্ৰায় ১৬০ বছৰৰ আগতে এই গুহাতেই এজন সন্ন্যাসিয়ে বাস কৰি পুজা-সেৱা কৰি আছিল সেই সময়ত পাহাৰটো বাঘ, হৰিণ, আদি নানা বন্য জন্তুৰে ভৰি আছিল । সেই অজ্ঞাত সৈন্ন্যাসি জনেই নদীৰ কিনাৰৰ ইউৰিয়াম গছ এজোপাৰ তলত মাধৱৰ পদশিলা স্থাপন কৰি পূজা অৰ্চ্ছনা কৰি আছিল । তেঁওৰ পাছত ক্ৰমে পূজাৰি ৰামদাস নেপালী, মতিৰাম বিহাৰী, মোহন দাস, ভূলা বাবা, লক্ষণ বাবা, গহিন ডাৰিয়া, মহানন্দ বৈষ্ণৱ, কৈলাস বৰা, হৰিমন মেধি, কৃষ্ণ ভকত, ডম্বৰু বৰা আৰু মামূল ভূঞা (বৰ্তমান) পূজাৰিৰ দায়িত্ব লয় । ভূলা বাবাৰ দিনৰে পৰাই থানলৈ দূৰদূৰনিৰ ধৰ্মপ্ৰান লোকৰ সমাবেশ ঘটে ।

বিষ্ণু থান -

মাধৱ পাহাৰৰ ওপৰ ভাগত বিষ্ণু থান অবস্থিত পাহাৰৰ ওপৰৰ গৰ্ভ ভাগত থকা হাবিৰ মাজৰ আশ্ৰম খনলৈ উঠা দোৱাৰ মুখতে শিলৰ চৌ-কাঠৰ চিন এতিয়াও আছে আশ্ৰম খন বিষ্ণু বাবা নাম এজন সন্যাসীয়ে ওপৰলৈ ক্ৰন্মানৰে উঠি যোৱা এটা প্ৰকাণ্ড শিলৰ তলত বিষ্ণু মূৰ্তি প্ৰতিস্থা কৰি নিজেও এটা শিলৰ গুহাৰ তলত থাকি পূজা-অৰ্চন্না কৰি আছিল এই দৰে ৮/১০ বছৰ মান আশ্ৰম চলোৱাৰ পিছত তেওঁ দেহত্যাগ কৰে ইয়াৰ পিছত হাবিৰ মাজত আশ্ৰম চলোৱা লোকৰ অভাৱত থান খন পৰিতক্ত্য হৈ আছে বৰ্তমান মাধৱ থানৰ কাষতে যিটো বিষ্ণু মূৰ্তি আছে, সেই মূৰ্তিটো কামপুৰ ঘিলানি গাওঁৰ এঘৰ মুছলমান লোকৰ বাৰীৰ হাফলো খান্দুতে ওলাইছিল স্নপ্না-দেশ হোৱাত ওচৰৰ মানুহৰ সহযোগত আজিৰ পৰা প্ৰায় ৫০ বছৰ আগতেই সেই মূৰ্তিটো মাধৱ পাহাৰত স্থাপন কৰি সাতঁ(৭) দিন যোৰা উৎসৱ পাতিছিল

গণেশ থান -

মাধৱ পাহাৰৰ এমুৰে জুৰি-পাৰ গাওঁ আৰু তাৰ কাষতেই গণেশ থান অৱস্থিত । কাষতেই গণেশ ডুবি নামেৰে প্ৰায় ২ বিঘা মাটি সামৰি এটা প্ৰকৃতি প্ৰদত্ত অতি দ জলাশয় বৰ্তমান ইয়াত মন্দিৰৰ কোনো চিন চাব নাই । কিন্তু এটা প্ৰকাণ্ড শিলত বিঘ্নেশ্বৰ গনেশ দেৱতাৰ মূৰ্তি শিলত খুদিত আছে । ডুবিয়ে খহাই পেলোৱাত এই সুন্দৰ মূৰ্তিটোৰ ওচৰলৈ যোৱাৰ বাবে নাওঁ ব্যৱহাৰ কৰিব লাগে । আজিৰ পৰা প্ৰায় ১৯৬০ চনৰ আগতে বঙালি সম্প্ৰদায় লোকে সেই ঠাইত বসবাস কৰি আছিল । তেখেত সকলেই সেই গণেশ খুদিত মূৰ্তিৰ সন্মোখতেই এটী সৰু খেৰ-বাহৰ ঘৰ সাজি নিতৌ পুজা সেৱা কৰি আছিল । 
মাধৱ থানৰ মূল মন্দিৰৰ পৰা প্ৰায় ৪ কি.মি. পূব ফালে পাহাৰৰ নিচেই তলতেই অৱস্থিত । থান পৰিচালনা সমিতি আৰু পূজাৰিৰ সহযোগীতাৰ অভাৱৰ সুযোগ গ্ৰহন কৰি সন্দেহযুক্ত বাংলাদেশী মুছলমান লোক সকলে মন্দিৰ মাটিত বসবাস কৰি আছে । চৰকাৰৰ পৰা উপযুক্ত সাহাৰ্য্য নোপোৱাৰ বাবে থানৰ চাৰিসীমাকো ভালদৰে নিধাৰণ কৰি লব পৰা নাই থান পৰিচালনা সমিতিয়ে । সন্দেহযুক্ত বাংলাদেশী মুছলমান লোক সকলৰ সংখ্যা ইমানে দ্ৰুত গতিত বাহিব ধৰিছে যে তেওঁলোকে নিজৰ ব্যক্তিবিশেষ স্বাৰ্থৰ বাবে এই প্ৰবিত্ৰ থানৰ ওচৰলৈ বসবাসৰ উদ্দেশ্যে যাবলৈ লোৱাত জলাশয়টোৰ মাটি খহি গৈ গৈ এনে এটা অৱস্থা হৈছে যে ই অতি সোনকালেই উমানন্দ মন্দিৰৰ দৰে হব গৈ বুলি আশংকা কৰা হৈছে । গণেশ মূৰ্তিৰ খোদিত শিলটোৰ কাষতেই থকা আন এটা শিলত যজ্ঞৰ বেদি স্থাপন কৰাৰ বাবে শিলত খোদিত চাৰিকোণীয়া বেদি আৰু বেদিত ৰভা দিব পৰাকৈ সৰু খোটা পুতিব পৰা চাঁৰিটা সৰু সৰু গাত শিল ফুটা কৰি সৃষ্টি কৰা হৈ আছে ।

শিৱ থান –

শ্ৰী শ্ৰী মাধৱ থানৰ কাষতে  পাহাৰৰ ওপৰত অৱস্থিত শিৱ থান । ইয়াত শিৱ লিঙ্গ আকৃতিৰ এটুকুৰা শিলক পূজা অৰ্চনা কৰা হয় । এই শিৱ থান খনত বহু ভক্তই বৰ্তমানেও নিতৌ পূজা-অৰ্চনা কৰিবলৈ আহে ।